How to Create a Blog in Assamese অসমীয়াত ব্লগ (Full Guide)

How to Start a Blog in Assamese? ব্লগ এটা কেনেকৈ আৰম্ভ কৰিব


How to Start a Blog in Assamese? ব্লগ এটা কেনেকৈ আৰম্ভ কৰিব

আপুনি বিভিন্ন মাধ্যমৰ যোগেৰে পঢ়ি আছে বা শুনি থাকিব পাৰে blogging শব্দটো ৷ Assamese Blogging কি আকৌ অসমীয়াত ব্লগ কেনকৈ কৰে আদি খৰচি মাৰি আজি আমি শিকিম How To Create a Blog In Assamese। 

অসমৰ বহুতেই ইণ্টাৰনেট ব্যৱহাৰ কেৱল ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, TIKTOK , ইউটিউব, গুগল অনুসন্ধানত হে আবদ্ধ হৈ থাকে । বহু লোকে লিখামেলা কৰিব বিচাৰে কিন্তু তেওঁলোকক সেয়া ছচিয়েল মিডিয়াতে সীমিত ৰাখে। এই Assamese Blog ত আমি Assamese Website বা website design ৰ বিষয়ে শিকাত আগ্ৰহী সকলৰ বাবে বা ইয়াৰ ওপৰত কোনো জ্ঞান নথকা আৰু কোনো আইডিয়া নথকা লোকৰ বাবে লিখা হৈছে।

যদি আপুনি লিখামেলাত ভাল , আজি এই পোষ্টটো পঢ়ক আৰু কমেও আপোনাৰ নিজৰ এটা Assamese Blog Website আৰম্ভ কৰক। যদি আপুনি এই বিষয়ত আগ্ৰহী হয় আৰু এটা Assamese Blog Website সম্পূৰ্ণৰূপে বিনামূলীয়া বা কম খৰচত কৰিব বিচাৰে তেনেহ'লে ব্লগৰ গোটেইটো পোষ্ট মন দি পঢ়ক। 

Assamese Blogging ৰ এটা ভাল অংশ হৈছে যে আপুনি যিকোনো স্থানত থাকি Blogging কৰিব পাৰে আৰু আপোনাৰ assamese blog টোৰ জৰিয়তে ভৱিষ্যতে ভাল অৰ্থ উপাৰ্জন কৰি এজন Assamese professional blogger হব পাৰে । কিয়নো blogging career ত উপাৰ্জনৰ কোনো সীমা নাই।

How to Create Assamese Blog | Assamese Blog Design

আমাৰ blogger Assamese- Blog Directory ত আৰম্ভণিৰ পৰা শেষলৈ সকলো Blogging Tutorials In Assamese ত আৰু এক বিস্তৃত ভাৱে সহজ ভাষাত লিখিবলৈ চেষ্টা কৰা হৈছে । বুজিবলৈ অসুবিধা হ'লে মই পুনৰ সেয়া ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম। অধিক শিকিবলৈ আপুনি আমাৰ সৈতে যোগাযোগ কৰিবলৈ ইমেইল কৰিব পাৰে।

A. আপোনাৰ অসমীয়া ব্লগটো সৃষ্টি কৰিবলে বিষয়ৰ নিৰ্বাচন কৰক (Create A Topic For Your Assamese Blog)

প্ৰথমে আপুনি কি ভালদৰে লিখিব পাৰে বা আপুনি কি প্ৰকাৰৰ লেখাৰ প্ৰতি ৰাপ আছে বা আপোনাৰ দক্ষতা আছে জানিব লাগিব। মনত ৰাখিব, আপুনি নজনা বিষয়ত ব্লগিং কৰিলে বা এটা পোষ্ট লিখিলে আপুনি ভৱিষ্যতে অধিক পোষ্ট সেইটো টপিকত লিখিবলৈ সক্ষম নহ'ব আৰু আপুনি আপোনাৰ ব্লগটো কেৱল আপোনাৰ প্ৰিয় বিষয়ত আগ্ৰহ থাকিলেহে আগবঢ়াবলৈ সক্ষম হ'ব। তলত আমি কেইটামান ASSAMESE BLOG TOPIC দিছো 

  • সাহিত্য, 
  • ব্যৱসায়, Business Blog
  • প্ৰযুক্তি (টেক ব্লগ)
  • চাকৰি, 
  • শিক্ষা, 
  • ৰাজনীতি, 
  • অৰ্থনৈতিক, 
  • ভ্ৰমণ, 
  • বাতৰি, 
  • আলোকচিত্ৰ ব্লগ, Photography Blog
  • বিজ্ঞান ব্লগ, 
  • মেক আপ আৰু ফেশ্বন ব্লগ 

ইয়াৰ পৰা আপুনি যিকোনা টপিক বাছনি কৰিব পাৰে। মই ভাবো Assamese News Blog Website নলিখা ভাল , কিয়নো এই ASSAMESE news blog যথেষ্ট প্ৰতিযোগিতা আছে আৰু বৰ্তমানে এই ক্ষেত্ৰত বিভিন্ন প্ৰতিস্থিত Assamese News Channel বোৰে কাম কৰি আছে। তেওঁলোকে বহুত দক্ষতাপূৰ্ণ মানুহক ব্লগিং কৰাৰ বাবে নিয়োগ কৰে তথা যথেষ্ট পৰিমাণৰ ধনো বিনিয়োগ কৰে আৰু তেওঁলোকৰ বাতৰি সংগ্ৰহৰ দৰে কামত বৃহৎ গোট আছে। 

B. ব্লগিং প্লেটফৰ্ম

ব্লগিং প্লেটফৰ্ম বাচি লোৱাৰ দুটা পৃথক পদ্ধতি আছে।

  1. সম্পূৰ্ণ মুক্ত ব্লগ ( Free Blog ) আপুনি টকা খৰচ কৰিব নালাগে 
  2. পৰিশোধ কৰা ( Paid Blog) আপুনি বছৰত এটা টকা দিব লাগে

1.সম্পূৰ্ণ মুক্ত ব্লগ What Is Free Blog In Assamese

ডমেইন নাম আৰু ৱেব হ'ষ্টিং যদি আপোনাৰ বিনামূলীয়া হয় তেন্তে সেয়া মুক্ত ব্লগ বুলিব পাৰি। এনেকুৱা প্লেটফৰ্ম বহুতো আছে আৰু এয়া আপোনাৰ সকলোৰে বাবে উপলব্ধ ।এই ক্ষেত্ৰৰ প্লেটফৰ্মৰ কিছুমান নীতি অনুসৰণ কৰিহে ব্লগ বনাব পাৰে। যদি আপোনি টেওলোকৰ নীতি বহিৰ্ভূত কাম কৰে , তেন্তে পৰৱৰ্তী সময়তে তেওঁলোকে ফ্ৰি ব্লগটো ব্লগ বন্ধ কৰে । বিনামূলীয়া ব্লগৰ সুবিধাথকা বহুতো প্লেটফৰ্ম গুগুলত উপলব্ধ , যদিও গুগলৰ নিজা blogger.com কোম্পানী আৰু ৱৰ্ডপ্ৰেছ কোম্পানী wordpress.com (ৱৰ্ডপ্ৰেছ ব্লগ) দুয়োটা প্লেটফৰ্ম মুক্ত আৰু সৰ্বাধিক জনপ্ৰিয়। blogger.com সম্পূৰ্ণ বিনামূলীয়া কিয়নো ইয়াত আপোনাক গুগল free hosting প্ৰদান কৰে। 

2. পৰিশোধ কৰা ( Paid Blog In Assamese )

ডমেইন নাম আৰু ৱেব হ'ষ্টিং যদি আপুনি কিনিব লগীয়া হয় তেন্তে সেয়া paid blog ৰ অৰ্ন্তভুক্ত। ইয়াত আপুনি কিনি লোৱাৰ বাবদ বহুতো অতিৰিক্ত সুবিধা পায়। যিবোৰ FREE BLOG ত উপলব্ধ নহয়। কিন্তু আজি আমি আপোনাক ASSAMESE free blog design ৰ বিষয়েহে শিকাম ।

FREE ASSAMESE BLOG ৰ বাবে blogger.com ক্ষেত্ৰখন অধিক উপযুক্ত। যদি আপুনি এজন নতুনকৈ শিকিবলৈ আৰম্ভ কৰিচে , আপোনাৰ ব্লগচটো blogger.com ত আৰম্ভ কৰা উচিত। ৱৰ্ডপ্ৰেছ ব্লগটো বেচি উন্নত আৰু wordpress.org বিকাশ কৰা হৈ আছে।

C. ডমেইন নাম পঞ্জীয়ন

ডমেইন হৈছে "ব্লগৰ ঠিকনা " বা এড্ৰেছ যিটো ব্ৰাউজাৰত টাইপ কৰি আপোনাৰ ব্লগটো দৰ্শন কৰিৰ পাৰি। যেনেGoogle.com, আমাৰ ব্লগৰ নাম টো bloggerassamese.blogspot.com । আপুনি .com, .in, .org বিভিন্ন TLD ক্ৰয় বা ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। যদিও আপুনি যিহেতু বিনামূলীয়াকৈ আৰম্ভ কৰিব খুজিছে সেয়ে এতিয়া এটা ব্লগাৰৰ নিজা চাবডমেইনত কাম চলাব পাৰে। 

যদি আপুনি blogger.com, wordpress.com ( wordpress blog) আদি বিনামূলীয়া যিকোনো প্লেটফৰ্মক লৈ assamese blog create ত ব্যৱহাৰ কৰে তেন্তে আপুনি এটা subdomain name  বিনামূলীয়া কৈ লাভ কৰিব কিন্তু আপোনাৰ নামৰ পাছ ফালে blogger.com ত  blogspot.com আৰু WordPress.com ত  wordpress.com (wordpress blog) থাকিব। যেনে bloggerassamese.blogspot.com  বা bloggerassamese. wordpress.com আদি।

পিছত আপুনি godaddy বা অন্য ডমেইন বিক্ৰেতাৰ পৰা  pro domain name registration কৰি ব্যৱহাৰ কৰিব পাৰে। গুগলত Domain name google.com, GoDaddy.com, bigrock.com namecheap.com আদিৰ পৰা ক্ৰয় কৰিব পাৰে। বিভিন্ন ৱেবচাইটত Domain name অনুসৰি দাম বেলেগ বেলেগ হয় আৰু ইয়াৰ দাম প্ৰায় ₹ ৩০০ টকাৰ পৰা আৰম্ভ কৰি লাখলৈ যাব পাৰে। বিভিন্ন সময়ত offer দি থাকে তেনে সময়ত অতি কম মূল্যত প্ৰায় ৯০ টকাত আপুনি ক্ৰয় কৰিব পাৰে।

আপুনি domain name কেনেকৈ select কৰিব।

Google seo expert সকলৰ মতে আপোনাৰ Domain name দুটা বা তিনিটা শব্দৰ ভিতৰত সীমাবদ্ধ হোৱা উচিত আৰু শব্দ কেইটা অৰ্থপূৰ্ণ হোৱা উচিত আৰু সেয়া মানুহে সহজে মনত ৰাখিব পৰা বিধৰ হোৱা উচিত । অৱশ্যে Domain name আৰু Google ranking আজিকালি বিশেষ প্ৰভাৱ দেখা নায়ায় । Google ranking ক্ষেত্ৰত আপোনাৰ পোষ্ট বোৰহে মুখ্য ভূমিকা পালন কৰে।

ইয়াৰ পাছত আঁহো তৃতীয় পৰ্যায় লৈ

ঘ) ৱেব হোষ্টিং কি আৰু  ইয়াক কেনেকৈ নিৰ্বাচন কৰিব (best web hosting for assamese blog)

Web hosting বুলি কলে চমুকৈ কব গলে আপোনাৰ  পোষ্ট বোৰৰ data জমা কৰি থোৱা ঠাই। আপোনাৰ পোষ্টত থকা ডাটাবোৰ অনলাইনত জমা কৰিবলৈ আপোনাক WEB HOSTING ৰ প্ৰয়োজন ।যত আপুনি ডাটা জমা কৰে সেয়া হল  hosting provider। যিয়ে সময়ত আপোনাৰ লিখনি বোৰ বাকী পাঠক সকলে পঢ়িব পৰাকৈ  online উপলব্ধ কৰি থয় আৰু আপোনাৰ ব্লগটোৰ WORLDWIDE BLOG কৰি সকলোৱে ACCESS কৰাত সহায় কৰে। এই ক্ষেত্ৰত HOSTING COMPANY ক  আপুনি মাহেকীয়া হিচাপত তেওঁলোকৰ বিভিন্ন plan অনুসৰি এটা মূল্য দিব লগীয়া হয় ।

গুগল blogger.com ত  google web hosting বিনামূলীয়া কৈ আহে বাবে আপুনি কোনো টকা দিয়াৰ প্ৰয়োজন নহয়। , 

wordpress.com আদি প্লেটফৰ্ম বোৰে BLOG এটাত paid domain লগোৱাৰ পিছতে hosting ৰ বাবে টকা লবলৈ আৰম্ভ কৰে।

আপুনি যদি WordPress ত ব্লগ বনাবলৈ যায় তেন্তে মূল্য পৰিশোধ কৰি web hosting provide কৰা কিছুমান ৱেবচাইট (web hosting companies)  ৰ নাম মনত ৰাখি থোৱা ভাল। যেনে bluehost.com, hostinger.com, hostgator.com, siteground hosting আদি।

বিনামূলীয়া আৰু ক্ৰয় কৰা ৱেব হোষ্টিং মাজত কি পাৰ্থক্য? DIFFERENCE BETWEEN PAID AND FREE HOSTING

বিনামূলীয়া সেৱা আগবঢ়োৱাৰ বাবদ হোষ্টিং কোম্পানীয়ে সীমিত সেৱা হে আপোনাক প্ৰদান কৰিব। আৰু আপোনাৰ ব্লগটো suspend কৰিবও পাৰে যদিহে আপুনি সিহতৰ নীতিৰ বাহিৰত কাম কৰে।

ক্ৰয় কৰি লোৱা web hosting ত আপোনাৰ সম্পূৰ্ণ অধিকাৰ আছে আহে কোনেও আনকি কোম্পানীটোৱেও আপোনাৰ ৱেবচাইট বা ব্লগ delete বা suspend কৰিব নোৱাৰে। কিন্তু ব্লগৰ ক্ষেত্ৰত আপুনি চৰকাৰী নীতি নিয়ম অৱশ্যে মানি চলিব লাগিব।

বিনামূলীয়া সেৱা সম্বলিত blogger.com ত assamese blog create কৰিলে আপোনাৰ বহুতো  লাভ হয় যেনে ধৰক আপোনাৰ ৱেবচাইট একেসময়তে যিমান মানুহে চাব পাৰিব সেয়া প্ৰায় unlimited Traffic যিটো ৱেবচাইট ট্ৰেফিক বুলি কওঁ। আনহাতে কম মূল্যত ক্ৰয় কৰা  ৱেব হষ্টিং এটা সীমিত সংখ্যক লোকেহে একেসময়তে চাব পাৰে ।

ঙ)ৱেবচাইট ডিজাইন কেনেকৈ কৰিব (build your own website)

ইণ্টাৰনেট ধুনীয়া ধুনীয়া assamese website বোৰ দেখা পাওঁ । নহয়নে। সকলোৰে ডিজাইন বেলেগ বেলেগ ধৰণে কৰা হয়। এই assamese blog design ত আপুনিও নিজে Assamese blog বনাই লব পাৰে। প্লেটফৰ্মৰ সহায় নোহোৱাকৈ নিজাকৈ ব্লগ বনাব বাবে আপুনি কম্পিউটাৰ ভাষাৰ coding language জানিব লাগিব। বিভিন্ন ধৰণৰ coding language যেনে c++, python, java আদি জনা উচিত। যদি আপুনি coding নাজানে তেতিয়াও আপোনাৰ কোনো চিন্তা নাই কাৰণ কাৰন এতিয়া google search ৰ দ্বাৰা  আপুনি বহুতো free blog templete লৈ লব পাৰে । ইণ্টাৰনেটৰ পৰা নিজৰ পছন্দ অনুসৰি বেলেগ বেলেগ ডিজাইনৰ blogspot templete ব্যৱহাৰ কৰিব পাৰে আৰু কিছুমান সম্পূৰ্ণ বিনামূলীয়া আৰু কিছুমান বাবে মূল্য পৰিশোধ কৰিব লগা হব পাৰে। তলত আমি বিনামূলীয়া ডিজাইন আলোচনা কৰিম।

How to design Assamese blog on blogger.com কেনেকৈ ডিজাইন কৰিব ব্লগ

Google search কৰক free blogger templates 2021 বা ইয়াত ক্লিক কৰক। 

আপোনাৰ প্ৰিয় Design টো select কৰক  আৰু চেভ কৰক।কম্পিউটাৰত zip file extract গৈ তাক extract কৰক তেতিয়া আপুনি এটা xml file হিচাপে পাব । সেয়া notepad ত open কৰক আৰু কপি কৰি লওঁক ।যদি আপুনি মোবাইলত কৰিব খুজিছে তেন্তে পঢ়ক।

Blogger.com ত log in কৰি আপুনি বনোৱা ব্লগত গৈ theme বুটামত যাওক আৰু edit theme ত গৈ আগৰ html খিনি মচি লৈ কপি কৰি লোৱা নতুন blogger template টো পেষ্ট কৰি দিয়ক। আৰু পিছত save বুটামত ক্লিক কৰি চেভ কৰক।

নতুন professional blogger template ব্যৱহাৰ কৰাৰ বাবে আপোনাৰ ASSAMESE blog টো দেখিবলৈ সুন্দৰ হব। ইয়াৰ পিছত blog layout ত গৈ আপোনাৰ ব্লগটো  customise কৰিব পাৰে।

ওপৰৰ গোটেইখিনি কৰাৰ পিছত আপোনাৰ Assamese blog টো প্ৰায়  ready হৈ গৈছে বুলি কব পাৰি। গতিকে এতিয়া আপুনি blog টোত assamese post লিখিব পাৰে।

অসমীয়াত ব্লগত পোষ্ট কেনেকৈ লিখে How to write blog post in Assamese blog

এয়া মন কৰিবলগীয়া কথা। কিয়নো বহুতে ব্লগ বনাব জানে কিন্তু লিখিব নাজানে। সকলোৰে এটা নিয়ম থাকে। যেনেকৈ ASSAMESE application লিখোতে আমি বহুতো নিয়ম মানি চলিব লগীয়া হয় । তেনেকৈ assamese blog writing তো আপুনি সেয়া অনুকৰণ কৰা উচিত। কিয়নো আপোনাৰ blogging career আপোনাৰ ব্লগ লিখন পদ্ধতিৰ ওপৰতে নিৰ্ভৰ কৰিব ।

On Page SEO steps for Assamese Blogs

আমি সকলোৱে বিচাৰো নহয়নে  আমাৰ লিখনি বোৰ অধিক মানুহে পঢ়ক। কিয়নো ইয়ে আমাৰ ব্লগটো আৰু অধিক মানুহৰ কাষলৈ লৈ যায়। লগতে অধিক পাঠক মানে আৰু অধিক অৰ্থ উপাৰ্জন। যিমান বেছি মানুহে আপোনাৰ assamese blog টো পঢ়িব সিমানেই আপোনাৰ blog earning বাঢ়িব। আপোনাৰ ব্লগটোৰ লিখনি বোৰে সকলো প্ৰকাৰৰ পঢুৱৈক আকৰ্ষিত কৰিব পৰা বিধৰ হব লাগিব। লগতে লিখনিবোৰ পঢ়ি যেন আকৌ আপোনাৰ assamese website টো পঢ়িবলৈ  আহে তেনেকুৱা সুন্দৰকৈ assamese blog টো লিখিব লাগিব। আপোনাৰ assamese blog টো যিমানেই দীঘল হব সিমানেই পঢুৱৈসকলে আপোনাৰ ব্লগত বেছি সময় অতিবাহিত কৰিব। youtube ত যেনেকৈ এখন thimbnail ব্যৱহাৰ কৰে তেনেকৈ আপোনাৰ assamese blog ৰ লিখনিটোত মিল থকা ফটো দিলে বহুত বেছি ভাল হয়। গুগলৰ পৰা ফটো লোৱাৰ সলনি Best Copyright Free Photo ব্যৱহাৰ কৰক। 

ASSAMESE BLOG ৰ পোষ্ট বোৰ দীঘলীয়া হলে সহজে Blog Google Ranking  আহিব । Google ranking হল এক উল্লেখযোগ্য বিষয় যিটো নহলে আপোনাৰ ব্লগিং কেৰিয়াৰ সফল হব নহব । আপোনাৰ assamese blog টো Google ranking পাবলৈ দুটা বিষয় জড়িত হৈ থাকে সেয়া হল

  • ১ SEO বা SEARFH ENGINE OPTIMIZATION 
  • 2 KEYWORD RESEARCH

ছ) SEO কি আৰু কেনেকৈ কৰিব. HOW TO DO SEO IN ASSAMESE BLOG

SEO মানে হল Search Engine Optimization। SEO এক বুদ্ধিমান  বিষয়।ইয়াত কোনেও কাকো কব নোৱাৰে যে এনেকৈ SEO কৰিলে আপুনি সফল হব। সধাৰণতে ENGLISH BLOG SEO হল HINDI BLOG SEO ত কৈ পৃথক আৰু দুয়োটা ASSAMESE BLOG SEO তকৈ পৃথক। গতিকে আপুনি ENGLISH BLOG SEO শিকি সফল হলেওঁ সেয়া ১০০ শতাংশ বুলি মানি লব নোৱাৰি। সহজত কবলৈ গলে মানুহে যি Google search কৰে তাত ৰিজাল্টত আপোনাৰ ASSAMESE BLOG টো প্ৰথম স্থানত বা FIRST page rank কেনেকৈ পাব পাৰি সেয়া বিশ্লেষণ কৰা পদ্ধতি । ASSAMESE BLOG SEO কৰা অতিকৈ প্ৰয়োজন কাৰণ ৮০ শতাংশ মানপহে  প্ৰথমত দেখুওৱা ব্লগ বোৰত ক্লিক কৰে। বহুত কম সংখ্যকহে তলৰ পোষ্টবোৰ পঢ়ে সেয়েহে আপোনাৰ পোষ্ট GOOGLE FIRST PAGE RANK ত  অনাটো  অধিক প্ৰয়োজন। কিয়নো ইয়াত অধিক পঢ়ুৱৈ আপুনি পাব আৰু সেই হিচাপত আপোনাৰ ASSAMESE BLOG EARNING ও বেছি হব

Secret SEO Tips for Assamese blogs

Assamese blog SEO ত সফল হবলৈ হলে আপুনি তলৰ secret blog seo tips বোৰ অনুকৰণ কৰক।

  • ১) আপোনাৰ Assamese blog post দীঘলীয়া কৈ লিখক। প্ৰায় ৫০০ শব্দৰ পৰা ১০০০ ৰ ভিতৰত
  • ২) আপোনাৰ  Assamese blog টোত আপুনি কি টপিকৰ ওপৰত লিখিছে তাক ধুনীয়াকৈ পইন্ট হিচাপত লিখা প্ৰয়োজনীয়
  • ৩) আপুনি নিশিকাকৈ লিখিব নোৱাৰে। যিটো টপিকত লিখিছে তাৰ ওপৰত আপোনাৰ জ্ঞান থকা প্ৰয়োজনীয়। ইয়াৰ বাবে আপুনি youtube video ৰ সহায়ো লব পাৰে.
  • ৪) প্ৰয়োজন অনুসৰি আপোনাৰ পোষ্টটোত photo আৰু video ব্যৱহাৰ কৰক । আপুনি আপোনাৰ assamese blog টোত ব্যৱহাৰ কৰা ফটো আৰু ভিডিঅ copyright free হোৱা প্ৰয়োজনীয়।
  • ৫) লগতে আপোনাৰ ব্লগটো গুগলত এড কৰিবলৈ আপুনি Google search Console ত গৈ এবাৰ approve কৰি লওঁক। গুগলৰ ৰবটে  আপোনাৰ assamese blog টো google index কৰিবলৈ ১৫ দিনৰ পৰা ১ মাহ পৰ্যন্ত সময় লব পাৰে।
  • ৬) আপোনাৰ Assamese blog টো user friendly হোৱা উচিত ।সকলোৱে যাতে মোবাইল আৰু কম্পিউটাত সেয়া চাবলৈ সুবিধা হয় তেনেকৈ গঢ়ি তোলা প্ৰয়োজন।

ইয়াৰ উপৰিও আৰু বহুতো বিষয় আচে SEO লগত জড়িত। শিকিবলৈ আপুনি ASSAMESE blogger directory ফেচবুক গ্ৰুপত জইন হৈ লব পাৰে ।

জ) Keyword research কি আৰু ইয়াক কেনেকৈ কৰে। assamese keyword research for blog

Keyword research হল search engine optimization ৰ লগত সম্পর্কিত বিষয়। Keyword research নকৰাকৈ google traffic লাভ কৰা সম্ভৱ নহয় বুলিব পাৰি।

Assamese blog ত এনেও বহুত কম Traffic পোৱা যায়। কিন্তু যদি আপুনি নিজৰ ইচ্ছা মতে যিকোনো বিষয়ত লিখিব আৰম্ভ কৰে তেন্তে সেয়া বিষয়ক পঢ়ুৱৈ পোৱাটো প্ৰথম অৱস্থাত সম্ভৱ নহয়। মই বহুতো assamese blog দেখিছো বহতে কষ্ট কৰি লিখাৰ পিছটো পঢ়ুৱৈ নাপায় কাৰনে হতাশাত ভুগি শেষত ব্লগিং বাদ দিয়ে।

Keyword research এটা হল এনেকৈ এক পদ্ধতি যাৰ দ্বাৰা আপুনি অধিক সংখ্যক পঢুৱৈ গোটাব পাৰিব।  চমুকৈ কব লাগিলে মানুহে গুগলত কি বেছি search কৰে সেয়া ডাটা আহৰণ কৰা। আৰু সেই ডাটাবোৰ লৈ আপুনিও সেইটো বিষয়ত ব্লগ লিখিবলৈ ললে আধিক সফল হব পাৰিব।

সময় বিলম্ব নকৰি আহো keyword research কেনেকৈ কৰে তাক জানো। এই বিষয়ত আপুনি বিভিন্ন youtube ভিডিঅৰ সহায় লব পাৰে। কিন্তু সকলোৱে বেলেগ বেলেগ পদ্ধতি অৱলম্বন কৰে। আৰু বহুতো পদ্ধতি আপুনি জনাটো প্ৰয়োজনীয়। ইয়াৰ মাজত keyword research কৰাৰ বাবে কিছুমানে paid plan আৰু কিছুমানে free ত আপোনাৰ ডাটা প্ৰদান কৰে। তাৰে কিছুমান ৱেবচাইট তলত দিয়া হল।

  • ahrefs 
  • ubersuggest, 
  • SEMrush ( 7 day free trial) ।

লগতে আপুনি নানান google chrome extension ব্যৱহাৰ কৰিও keyword research কৰিব পাৰে।

সাধাৰণতে বহুতে  google Search কৰিও keyword research কৰে। 

ঝ) Assamese blog Adsense approval লব কেনেকৈ

ব্লগ এটা চলাই থকাটো সকোলোৰে বাবে সহজ নহয়। কিন্তু যেতিয়া আপুনি তাৰ পৰা earning কৰিবলৈ লয় তেতিয়া আপোনাৰ উৎসাহ দুগুণ বৃদ্ধি হব। অসমীয়া ব্লগত adsense approve হবলৈ সময় লাগে। আপুনি মনত ৰখা দৰকাৰ যদিহে সকলো থিক মতে কৰে আপুনি adsense approve সহজতে লাভ কৰিব। তলৰ নিয়ম কেইটা মানি চলিব।

  1. ১। দৈনিক নহলেও ৭ দিনত এটাকৈ পোষ্ট কৰাটো প্ৰয়োজনীয় 
  2. ২। আপোনাৰ পোষ্ট নিজস্ব হোৱাৰ লগতে ব্যবহাৰ কৰা ফটোবোৰ কপিৰাইট মুক্ত হোৱা প্ৰয়োজনীয়। 
  3. ৩। আপোনাৰ ব্লগত adsense এপ্লাই কৰাৰ আগত ভালেসংখ্যক পোষ্ট থকাটো প্ৰয়োজনীয়। (প্ৰায় ৩০ টা) 

তাৰ লগতে আপুনি তলৰ পেজ বোৰো ব্লগত বোনোৱা উচিত। সেইকেইটা হল

  1. Privacy Policy, 
  2. Disclaimer, 
  3. About Us 
  4. sitemap

কেনেকৈ বনায় তাক জানিবলৈ গুগলত search কৰিব পাৰে।

ওপৰৰ লিখাবোৰত প্ৰায়বোৰ কথা থুলমুলকৈ আলোচনা কৰা হৈছে। হয়তো আপুনি ইয়াৰ পৰা বহুত শিকিছে। বহুত দীঘল পৰিসৰৰ এই বিষয়। সময়ৰ সৈতে আপুনি নতুন নতুন কথা জানিব পাৰিব। 

মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনাক জনালো। অধিক জানিবলৈ আপুনি তলৰ কমেন্ট বস্কত কমেন্ট কৰি সুধিব পাৰে। মই আপোনাৰ কমেন্টত ৰিপ্লাইত আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম।

How to make an Assamese blog নামৰ পোষ্টটোৰ জৰিয়তে আজি assamese blog create ৰ বিষয়ে বহুতো কথাই শিকিলো। অনুগ্ৰহ কৰি আপুনি এয়া বন্ধুসকলৰ সৈতেও শ্বেয়াৰ কৰক।

ওহ ৰব। আপোনাক এটা কথা কবলৈ থাকি গল। আপোনাৰ ব্লগটো সম্পূৰ্ণ হৈ উঠাৰ পিছত assamese blog directory ত এড কৰিবলৈ নাপাহৰিব।

14 Comments

  1. Very nice information... Moi o eta Assamese blog bonalu

    ReplyDelete
    Replies
    1. thnak you .. now u can submit your blog to our blog directory

      Delete
  2. very good post.... bohut dhunia lagil porhi... you have explained very simple way to create a blog in assamese .

    ReplyDelete
  3. Assamese language websites t adsense approve Pam ne nai

    ReplyDelete
    Replies
    1. pabo .. google t bohut assamese blog ase ... kisumanot adsense approve o hoise...

      Delete
  4. Apuni template tu kot pale

    ReplyDelete
  5. Keyword research kene koi kre Assamese Blog post r krone.

    ReplyDelete
  6. My Blog
    https://northeastnewslive.com/

    ReplyDelete
  7. Good, i am trying also blogging,

    https://unstoppablenotes.blogspot.com/ - is the my blogging id,
    https://theocibuloc.blogspot.com/

    ReplyDelete